তুলনামূলক ভাৰতীয় সাহিত্য Question Paper 2023 | Gauhati University B.A (Assamese) 2nd year paper | ASM-HC-4016

Narayan Basumatary
0
তুলনামূলক ভাৰতীয় সাহিত্য (Tulanamulak Bharatiya Sahitya) Question Paper 2023 PDFs. Gauhati University B.A (Assamese) 4th sem previous year question paper. Paper: ASM-HC-4016

Gauhati University BA Assamese Tulanamulak Bharatiya Sahitya Paper Details

Paper ASM-HC-4016
University Gauhati University
Session Jan -  Jun
Question Type Previous Year
Exam Name Semester Exam
Mode of Exam Offline
Time 3 hours
Full Marks 80

Tulanamulak Bharatiya Sahitya Assamese Question Paper 2023

3(Sem–4/CBCS) ASM HC 1
2023
ASSAMESE
( Honours Core )
Paper: ASM-HC-4016
( Tulanamulak Bharatiya Sahitya )
Full Marks: 80
Time : 3 hours
The figures in the margin indicate full marks for the questions

১। অতি চমুকৈ উত্তৰ দিয়া :    ১×১০=১০

(ক) কোনগৰাকী ব্যক্তিক তুলনামূলক সাহিত্যৰ বাটকটীয়া বুলি কোৱা হয়?

(খ) তুলনামূলক সাহিত্যব যি কোনো এটি শাখাব (school) নাম লিখা ৷

(গ) Indian Progressive Writers' Association' কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল?

(ঘ) প্রজ্বলিত চিতাৰ নীলা ৰঙৰ ধোঁৱাৰ মাজত কাঙালীৰ মাকে কিহৰ ছবি দেখিবলৈ পাইছিল?

(ঙ) গজাধৰ বাবুই ৰেল বিভাগত কিমান বছৰ চাকৰি কৰিছিল?

(চ) ‘গান্ধী’ গল্পটোত গান্ধীয়ে নিজৰ মৃত্যুৰ পাছত ক'ত কবৰ দিবলৈ কৈছিল?

ASM-HC-4016 (2023)

85 KB

(ছ) নিৰ্মলাৰ বিয়া প্ৰথমে কাৰ লগত ঠিক হৈছিল?

(জ) তোতাৰামৰ প্ৰথম পক্ষৰ ডাঙৰ পুত্ৰ মনসাৰামৰ কি ৰোগত মৃত্যু হৈছিল?

(ঝ) অপুৰ মাকৰ নাম কি?

(ঞ) বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ ‘পথেৰ পাঁচালী' উপন্যাসৰ আধাৰত কোনজন বঙালী চিত্ৰ পৰিচালকে একে নামেৰে এখন চলচ্চিত্র নির্মাণ কৰিছিল?

২। চমুকৈ উত্তৰ লিখা :    ২×৫=১০

(ক) কোনগৰাকী ব্যক্তিয়ে প্রথমে বিশ্বসাহিত্যৰ ধাৰণা ব্যক্ত কৰিছিল? বিশ্বসাহিত্য বুজাবলৈ তেওঁ কোনটো শব্দ ব্যৱহাৰ কৰিছিল?

(খ) কাৰ প্ৰচেষ্টাত, কোন চনত কলিকতা বিশ্ববিদ্যালয়ত আধুনিক ভাৰতীয় ভাষাবিভাগ প্ৰতিষ্ঠা কৰা হৈছিল?

(গ) গজাধৰ বাবুৰ কন্যা বাসন্তী কি কথাত পিতৃৰ ওপৰত ক্ষুণ্ণ হৈছিল?

(ঘ) অপুৰ সৰু টিনৰ বাকচটোত খেলৰ কি কি সামগ্রী আছিল?

(ঙ) উদয়ভানু লালে মাজৰাতি নৈৰ পাৰলৈ কিয় ওলাই গৈছিল?

৩। তলৰ যি কোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখা :    ৫×৪=২০

(ক) ভাৰতীয় সাহিত্যৰ স্বৰূপ সম্পৰ্কে আলোচনা কৰা।

(খ) তুলনামূলক সাহিত্যৰ যি কোনো এটি শাখাৰ বিষয়ে বিৱৰি লিখা ৷

(গ) অভাগীক সৎকাৰ কৰাৰ উদ্দেশ্যে চোতালৰ গছজোপা কাটিবলৈ যাওঁতে কি পৰিস্থিতিৰ সৃষ্টি হৈছিল, বুজাই লিখা।

(ঘ) গান্ধীয়ে কেনেদৰে গাঁৱৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত হৈ ডাক্তৰক দেখুৱাবলগীয়া হৈছিল, বৰ্ণনা কৰা ৷

(ঙ) চাকৰিৰ পৰা অৱসৰ পোৱাৰ পাছত গজাধৰ বাবুই স্বগৃহত কেনে অভিজ্ঞতা লাভ কৰিছিল, বিৱৰি লিখা।

(চ) ‘নিৰ্মলা’ উপন্যাসত তথাকথিত শিক্ষিত সমাজৰ প্ৰতিনিধিৰূপে ভালচন্দ্ৰৰ চৰিত্ৰটো কিদৰে অংকন কৰা হৈছে, লিখা ৷
তুলনামূলক ভাৰতীয় সাহিত্য Question Paper 2023

৪। তলৰ যি কোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখা :    ১০×৪=৪০

(ক) তুলনামূলক সাহিত্যৰ উৎপত্তি ক'ত হৈছিল আৰু বিষয়টোৱে কেনেদৰে বিকাশ লাভ কৰিছিল, আলোচনা কৰা ৷

(খ) ‘অভাগীৰ স্বৰ্গ’ গল্পটোৰ মাজেৰে সামাজিক অসমতাৰ ছবি কিদৰে প্ৰতিফলিত হৈছে, দেখুওৱা ৷

(গ) প্ৰজন্মৰ ব্যৱধানে আনি দিয়া মানসিক নিঃসংগতা ‘ৱাপচী’ গল্পটোত কোনটো চৰিত্ৰৰ মাজেৰে, কেনেদৰে পৰিস্ফুট হৈছে, বৰ্ণনা কৰা।

(ঘ) ‘গান্ধী’ নামটোৱে কিদৰে প্ৰতীকাত্মক ৰূপত সামাজিক তাৎপর্য বহন কৰিছে, আলোচনা কৰা।

(ঙ) ‘নির্মলা' উপন্যাসত তদানীন্তন সমাজজীৱনৰ চিত্ৰ কিদৰে প্ৰতিফলিত হৈছে, দেখুওৱা ৷

(চ) নিৰ্মলা চৰিত্ৰটোৰ মাজেৰে জীৱনৰ কাৰুণ্য কিদৰে পৰিস্ফুট হৈছে, বৰ্ণনা কৰা।

(ছ) ‘পথেৰ পাঁচালী' উপন্যাসখন কেইটা আৰু কি কি পৰ্বত বিভক্ত? প্ৰতিটো পৰ্বৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা।

(জ) সর্বজয়া আৰু ইন্দিৰ ঠাকৰুণ — এই দুটা চৰিত্ৰৰ যোগেদি জীৱন সংগ্ৰামৰ কঠোৰতা কিদৰে চিত্ৰিত হৈছে, আলোচনা কৰা ৷

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!