Gauhati University BA Assamese Tulanamulak Bharatiya Sahitya Paper Details
Paper | ASM-HC-4016 |
---|---|
University | Gauhati University |
Session | Jan - Jun |
Question Type | Previous Year |
Exam Name | Semester Exam |
Mode of Exam | Offline |
Time | 3 hours |
Full Marks | 80 |
BA Assamese Tulanamulak Bharatiya Sahitya Question Paper 2022
3(Sem–4/CBCS) ASM HC 1
2022
ASSAMESE
Paper : ASM-HC-4016
(Tulanamulak Bharatiya Sahitya)
( Honours Core )
Full Marks: 80
Time : 3 hours
The figures in the margin indicate full marks for the questions
১। তলৰ যি কোনো দহটা প্রশ্নৰ অতি চমুকৈ উত্তৰ দিয়া : ১×১০=১০
(ক) ভাৰতবৰ্ষৰ কোনখন বিশ্ববিদ্যালয়ত প্রথমে তুলনামূলক সাহিত্যৰ স্বতন্ত্র বিভাগ খোলা হয়?(খ) ৰবীন্দ্ৰনাথ ঠাকুৰে 'Comparative Literature ৰ সমার্থক কি শব্দ ব্যৱহাৰ কৰিছিল?
(গ) 'Indian Literature' শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল?
(ঘ) কাঙালীৰ দেউতাকৰ নাম কি?
https://drive.google.com/uc?export=download&id=1e7u-BK3dTk-GPip1RW7fPnhGat-VyW0S
(চ) 'গান্ধী' গল্পত কিশোৰজনৰ নাম মহাত্মা গান্ধী কোনে ৰাখিছিল?
(ছ) অৱসৰ পোৱাৰ পিছত গজাধৰ বাবুৱে পুনৰ ক'ত চাকৰি পাইছিল?
(জ) ৰেলৱেত চাকৰি কৰি থকা সময়ত গজাধৰ বাবুৰ বাবে মধুৰ সংগীত কি আছিল?
(ঝ) ‘পথেৰ পাঁচালী' উপন্যাসখন প্রথমে কোন পত্ৰিকাত ছপা হৈছিল?
(ঞ) অপুৰ সম্পূৰ্ণ নাম কি?
(ট) ইন্দিৰ ঠাকৰুণ সমন্ধত অপুৰ কি হয়?
(ঠ) বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ প্ৰথম প্ৰকাশিত গ্ৰন্থখনৰ নাম কি?
(ড) উষা প্রিয়ম্বদাই ৰচনা কৰা এখন গল্প-পুথিৰ নাম লিখা।
(ঢ) তোতাৰামৰ প্ৰথম পক্ষৰ সন্তান কেইজন আছিল?
(ণ) উদয়ভানুৰ পত্নীৰ নাম কি?
২। তলৰ যি কোনো পাঁচটা প্ৰশ্নৰ চমুকৈ উত্তৰ দিয়া : ২×৫=১০
(ক) তুলনামূলক সাহিত্যৰ দুটা সম্প্ৰদায়ৰ (school)ৰ নাম লিখা।(খ) সাহিত্য অকাডেমি কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? সাহিত্য অকাডেমিয়ে প্ৰকাশ কৰা প্ৰথম পত্ৰিকাখনৰ নাম কি?
(গ) ভাৰতীয় সাহিত্যৰ দুটা বৈশিষ্ট্য লিখা।
(ঘ) “যাহাৰ সহিত বিবাহ হইল তাহাৰ নাম ৰসিক বাঘ, বাঘেৰ অন্য বাঘিনী ছিল”–ৰসিক বাঘৰ লগত কাৰ বিয়া হৈছিল? ‘অন্য বাঘিনী' বুলি কি বুজোৱা হৈছে?
(ঙ) গজাধৰ বাবুৰ কি কথাত জীয়েক বাসন্তী ক্ষুণ্ণ হৈছিল?
(চ) ‘গান্ধী’. গল্পটিত গান্ধীৰ দেউতাকৰ মৃত্যু কিদৰে হৈছিল?
(ছ) অমলা কোন? অপুৱে অমলাক ক'ত লগ পাইছিল?
(জ) নির্মলাক কিয় তোতাৰামৰ লগত বিয়া দিবলগীয়া হৈছিল?
৩। তলৰ যি কোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া : ৫×৪=২০
(ক) তুলনামূলক সাহিত্য অধ্যয়নৰ ক্ষেত্ৰত অনুবাদৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা ৷(খ) অভাগীয়ে মৃত্যুৰ সময়ত কিয় স্বামীক মাতি পঠিয়াইছিল? স্বামীয়ে অভাগীৰ ইচ্ছা পূৰণ কৰিলেনে? আলোচনা কৰা।
(গ) ‘গান্ধী’ গল্পটোত গান্ধীৰ মৃত্যু হ'লে ক'ত কবব দিবলৈ কৈছিল? গান্ধীৰ সেই ইচ্ছা পূৰণ হ'লনে, আলোচনা কৰা ৷
(ঘ) গজাধব বাবুৱে চাকৰিৰ পৰা অৱসৰ লৈ ঘৰত থকাৰ সময়ত পৰিয়ালৰ লোকসকলে তেওঁক কিয় পৰিয়ালৰ সদস্য ৰূপে গ্ৰহণ কৰা নাছিল?
(ঙ) “মায়েৰ উপৰ কৰুণায়ও সহানুভূতিতে তাহাৰ মন ভবিয়া উঠিল”–কাব মন ভৰি উঠাৰ কথা কোৱা হৈছে? মন ভৰি উঠাৰ কাৰণ কি?
(চ) “ইন্দিৰ ঠাকৰুণেৰ মৃত্যুৰ সংগে সংগে নিশ্চিন্দিপুৰ গ্ৰামে সেকালেৰ অৱসান হইয়া গেল”–কথাষাৰৰ তাৎপৰ্য বিশ্লেষণ কৰা।
(ছ) ‘নির্মলা’ উপন্যাসত নাৰীৰ ক্ষোভ আৰু প্ৰতিবাদ কিদৰে প্ৰতিফলিত হৈছে, আলোচনা কৰা।
(জ) সমসাময়িক সমাজত প্রচলিত যৌতুক প্রথাৰ কুপ্ৰভাৱৰ কথা আৰু তাৰ বিৰুদ্ধে প্রতিবাদ ‘নির্মলা' উপন্যাসত কেনেদৰে চিত্ৰিত হৈছে, আলোচনা কৰা।
৪। তলৰ যি কোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া : ১০×৪=৪০
(ক) তুলনামূলক সাহিত্যৰ উৎপত্তি আৰু বিকাশ সম্পর্কে নাতিদীর্ঘ নিবন্ধ এটি যুগুত কৰা।(খ) বিভিন্ন ভাষাত ৰচিত হোৱা সত্ত্বেও ভাৰতীয় সাহিত্যত এক জাতীয় ঐক্যসূত্ৰ কিদৰে পৰিলক্ষিত হয়, আলোচনা কৰা।
(গ) শৰৎচন্দ্র চট্টোপাধ্যায়ৰ গল্পৰ বৈশিষ্ট্য সম্পর্কে আলোচনা কৰা।
(ঘ) ‘অভাগীৰ স্বৰ্গ’ গল্পটোত সমাজত প্ৰচলিত শ্ৰেণী আৰু বর্ণবৈষম্যৰ প্ৰতিচ্ছবি কিদৰে চিত্ৰিত হৈছে, আলোচনা কৰা।
(ঙ) পাৰিবাৰিক বিচ্ছিন্নতাই সৃষ্টি কৰা বিষাদবোধ ‘ৱাপচী’ গল্পটোত কিদৰে প্ৰতিফলিত হৈছে, বিশ্লেষণ কৰা।
(চ) ‘গান্ধী’ গল্পটোত মহাত্মা গান্ধী নামটো প্ৰতীকাত্মকভাৱে প্রয়োগ কৰি তাৰ জৰিয়তে সমাজৰ বিবিধ দিশ কিদৰে তুলি ধৰিছে, বিশ্লেষণ কৰা ৷
(ছ) আত্মজীৱনীভিত্তিক উপন্যাস হিচাপে ‘পথেৰ পাঁচালী'ৰ এটি বিশ্লেষণ আগবঢ়োৱা।
(জ) ‘পথেৰ পাঁচালী’ উপন্যাসৰ অপু চৰিত্ৰটোৰ এটি বিশ্লেষণাত্মক আলোচনা আগবঢ়োৱা।
(ঝ) প্রেমচন্দৰ সাহিত্যকৃতি সম্পর্কে এটি প্রবন্ধ যুগুত কৰা।
(ঞ) “নিৰ্মলা আৰু তোতাৰাম বৈবাহিক জীৱনৰ চিত্ৰই বহুতো দিশ উন্মোচিত কৰে” – “নির্মলা' উপন্যাসত উন্মোচিত হোৱা এই দিশবোৰ সম্পৰ্কে আলোচনা কৰা।