Axomiya Bhakhar Samaharan Arjyobhakha Aru Arjyo Bhinno Bhakha Paper Details
Paper | ASM-HC-4026 |
---|---|
University | Gauhati University |
Session | Jan - Jun |
Question Type | Previous Year |
Exam Name | Semester Exam |
Mode of Exam | Offline |
Time | 3 hours |
Full Marks | 80 |
অসমীয়া ভাষাৰ সমাহৰণ : আর্যভাষা আৰু আৰ্য-ভিন্ন ভাষা Question Paper 2021
3 (Sem-4/CBCS) ASM HC 2
2021
ASSAMESE
Paper: ASM-HC-4026
( অসমীয়া ভাষাৰ সমাহৰণ : আর্যভাষা আৰু আৰ্য-ভিন্ন ভাষা )
(Honours Course)
Full Marks: 80
Time: 3 hours
The figures in the margin indicate full marks for the questions
১। এটা শব্দ বা বাক্যত উত্তৰ লিখা: ১×৬=৬
(ক) ভাৰতৰ একেবাৰে পূব অঞ্চলত কথিত নব্য ভাৰতীয় আর্যভাষাটোৰ নাম কি?(খ) প্রাচীন কামৰূপৰ তামৰ ফলিব ভাষাক পণ্ডিতসকলে কি প্রাকৃত ভাষা নামেৰে অভিহিত কৰিছে?
(গ) প্রসিদ্ধ চীনা পৰিব্ৰাজক হিউৱেন চাঙে তেওঁৰ বিৱৰণত কামৰূপৰ ভাষা কোন অঞ্চলৰ ভাষাৰ পৰা কিছু পৃথক বুলি মন্তব্য কৰিছে?
(ঘ) “অসমীয়া ভাষাৰ মূল মাগধী প্রাকৃত" এই মতৰ সপক্ষে প্রামাণ্য যুক্তি আগবঢ়োৱা এগৰাকী ভাষাবিদৰ নাম লিখা।
https://drive.google.com/uc?id=1L3Me2utYME6WBvZeNTXTAgkKR0dYRdXW&export=download
(চ) সংস্কৃত ভাষাৰ দন্ত্য আৰু মূর্ধন্য ধ্বনিবোৰ অসমীয়াত কি ধ্বনিৰূপে উচ্চাৰিত হয়?
২। চমুকৈ উত্তৰ লিখা: ২×৫=১০
(ক) আর্যসকলৰ অসমলৈ প্ৰব্ৰজনৰ আগতে কি কি আর্য-ভিন্ন ভাষাগোষ্ঠীৰ লোক এই ভূখণ্ডত বাস কৰিছিল বুলি জন্য যায়?(খ) নব্য ভাৰতীয় আর্যভাষাৰ অন্তর্গত কি কি ভাষাক মগধীয় গোষ্ঠীৰ বুলি অনুমান কৰা হৈছে?
(গ) অসমীয়া ভাষাত ৰক্ষিত হোৱা মাগধী প্রাকৃতৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
(ঘ) দ্রাবিড় ভাষা-পৰিয়ালৰ দুটা ভাষাৰ নাম উল্লেখ কৰা।
(ঙ) অসমীয়া ভাষাৰ শব্দভাণ্ডাৰ চহকী কৰাত বিশেষ অৱদান আগবঢ়োৱা আর্য-ভিন্ন-পৰিয়ালৰ অন্তর্গত দুটা ভাষাৰ নাম লিখা।
৩। যি কোনো চাৰিটা প্রশ্নৰ উত্তৰ লিখা: ৬×৪=২৪
(ক) আর্যপূর্ব অসমৰ ভাষাগত স্থিতি সম্বন্ধে এটি টোকা যুগুত কৰা।(খ) 'চর্যাপদ'ৰ ভাষাত অসমীয়া ভাষাৰ প্রত্ন-ৰূপ কেনেদৰে সংৰক্ষিত হৈছে, উদাহৰণৰ সৈতে বুজাই লিখা।
(গ) অসমীয়া আৰু বাংলা ভাষাৰ মাজত থকা ৰূপগত বৈসাদৃশ্যৰ বিষয়ে উদাহৰণসহ বিশ্লেষণ কৰা।
(ঘ) আধুনিক ভাৰতীয় আর্যভাষা হিচাপে অসমীয়া ভাষাৰ স্বতন্ত্র ভাষাগত বৈশিষ্ট্যসমূহ নির্ণয় কৰা।
(ঙ) অষ্ট্রিক ভাষাগোষ্ঠীৰ প্রধান শাখা দুটাৰ বিষয়ে বহলাই আলোচনা কৰা।
(চ) জনজাতীয় ভাষালৈ অসমীয়া ভাষাৰ ভাষিক বৰঙণি সম্পর্কে আলোচনা কৰা।
৪। যি কোনো চাৰিটা প্রশ্নৰ উত্তৰ লিখা: ১০×৪=৪০
(ক) উদ্ভৱকালীন অসমীয়া ভাষাৰ ঐতিহাসিক পটভূমি সম্পর্কে এটি নিবন্ধ প্রস্তুত কৰা।(খ) প্রাচীন কামৰূপীয় লেখাৱলীৰ ভাষাৰ স্বৰূপ সম্বন্ধে আলোচনা কৰা।
(গ) প্রাচীন ভাৰতীয় আর্যভাষাৰ স্তৰকেইটা কালানুক্রমিকভাৱে উল্লেখ কৰি অসমীয়া ভাষাৰ উদ্ভৱৰ সময় আৰু প্রক্রিয়া বিশ্লেষণ কৰি দেখুওৱা।
(ঘ) অসমত প্রচলিত তিব্বত-বর্মীয় শাখাৰ ভাষাসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।
(ঙ) মধ্য ভাৰতীয় আর্যভাষাৰ অন্তর্গত সাহিত্যিক প্রাকৃতসমূহৰ বিষয়ে এটি আলোচনা যুগুত কৰা।
(চ) সাম্প্রতিক অসমীয়া ভাষাত আর্য-ভিন্ন ভাষাৰ শব্দগত উপাদানব বিষয়ে আলোচনা কৰা।